Skip to playerSkip to main content
  • 6 days ago
তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ৰাতিবিহুৰ এটা সুকীয়া পৰিচয় আছে ৷ মৰাণ জনগোষ্ঠীৰ মাজত পৰম্পৰাগতভাৱে পালন কৰা হয় এই ৰাতি বিহু ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণ বসতি প্ৰধান কাকপথাৰত নিজৰ কলা সংস্কৃতি পৰম্পৰাৰে জনগোষ্ঠীটোৰ পৰিচয় জীয়াই ৰাখিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে ৷ নিজস্ব ভাষা, কলা-সংস্কৃতি, ধৰ্মীয় পৰম্পৰা, সাজপাৰেৰে চহকী মৰাণ জনগোষ্ঠীৰ এটা চহকী অনুষ্ঠান ৰাতি বিহু । ঐতিহ্যৰে পৰা মৰাণ জনগোষ্ঠীয়ে পালন কৰি আহিছে ৰাতি বিহু ।শনিবাৰে নিশা কাকপথাৰ ৰাজহুৱা খেলপথাৰ অনুষ্ঠিত ৰাতি বিহুত হাজাৰ হাজাৰ মৰাণ ডেকা-গাভৰুয়ে ভৰি পৰে ৷ মৰাণ বিহু নামৰ লহৰ আৰু চাকচনি মাৰিৰ শব্দ, কলীয়া ৰিহা পৰিধান কৰা মৰাণ নাচনীৰ ভৰিৰ গিৰিপনিৰ শব্দত মুখৰিত হয় কাকপথাৰৰ আকাশ বতাহ ৷ প্ৰবাদ অনুসৰি এই ৰাতিবিহুত মনৰ কথা দুচকুৰে আদান প্ৰদান হয় ডেকা-গাভৰুসকলৰ ৷ ৰাতি বিহুৰ আছে এক সুকীয়া মাদকতা আৰু এই মাদকতা দেখিবলৈ পোৱা যায় উজনি অসমৰ তিনিচুকীয়া জিলাৰ মৰাণ প্ৰধান অঞ্চলসমূহত ৷পৰম্পৰা অনুসৰি মৰাণ গাভৰুসকলক গাঁৱৰ ডেকাসকলে ৰাতি বিহুত নাচিবলৈ পৰম্পৰা অনুসৰি গৃহস্থক তামোল পানৰ টোপোলা আগবঢ়াই খুজিবলগীয়া হয় ৷ ডেকাসকলে সম্পূৰ্ণ নিজৰ দায়িত্বৰে সুৰক্ষিত আৰু নিৰাপত্তাৰ মাজত গাভৰুসকলক ৰাখি ৰাতি বিহুত নাচিবলৈ দিয়া হয় ৷ বাঁহৰ চাৰিসীমাৰে বন্ধা বিশাল এলেকাত সুৰক্ষিত আৰু নিৰাপত্তাৰ মাজত শৃংখলাবদ্ধ আৰু শালীনতা বজাই ৰখাটো ৰাতি বিহুৰ অন্য এক পৰম্পৰা ৷ পৰৱৰ্তী সময়ত পুনৰ দায়িত্বসহকাৰে ডেকাসকলে গাভৰুসকলক এৰি আহেগৈ নিজ ঘৰত।লগতে পঢ়ক:ঐতিহাসিক গোভা ৰজাৰ ব’হাগ বিহুত পৰম্পৰাগত ৰণনৃত্য

Category

🗞
News
Transcript
00:09This is a national university,
00:15by joining the United States,
00:15the national university of the United States.
00:20He was used to battle before
00:24He was also a big part of a community
00:25and we have abrarfs and leaders
00:26Fellowship, there and he is one of them,
00:26the families who don't like the community
00:28or have a different language
00:58Thank you very much.
01:13Thank you very much.
01:29Thank you very much.
01:59Thank you very much.
Comments

Recommended