যোৰহাট: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব ৯ এপ্ৰিলৰ পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷ প্ৰতিটো ভোটদান কেন্দ্ৰতে ভোটদাতাৰ দীঘলীয়া শাৰী দেখা গৈছে ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাগি আহিছে ৰাজ্যৰ চাহ জনগোষ্ঠী লোকসকল ৷যোৰহাটৰ চিনামৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত চাহ জনগোষ্ঠীয় লোকসকলে ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল ৷ যোৰহাটৰ ২৪৫ টা ভোট কেন্দ্ৰত মুঠ ২ লাখ ৫১৪ গৰাকী ভোটাৰে এইবাৰ 102 নং তিতাবৰ বিধানসভাৰ নিৰ্বাচনত পালন কৰিব নিৰ্ণয়ক ভূমিকা ।উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আজি ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব । ইয়াৰ ভিতৰত ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । লগতে পঢ়কভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বিজেপি কৰ্মীৰ কি কাম ? টিঙিৰিতুলা দেৱব্ৰত শইকীয়াপুৱা ৭ বজাৰ পৰা আৰম্ভ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
Comments