Skip to playerSkip to main content
  • 5 hours ago
ডিব্ৰুগড় : "স্বাধীন ভাৰতৰ সকলোৱে আমাৰ শক্তিশালী ইতিহাস আৰু ভাৰতৱৰ্ষৰ গণতান্ত্ৰিক শক্তিক আগবঢ়াই নিবলৈ সংকল্প ল'ব লাগে । নতুন প্ৰজন্মই ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ আগবাঢ়ি আহিব লাগে ।" বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ টেঙাখাতত ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে‌ এই মন্তব্য কৰে ৷উল্লেখ্য যে, শনিবাৰে সমগ্ৰ দেশে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ।‌ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ তত্ত্বাৱধানত চলি থকা ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অধীনত স্বাধীনতা দিৱস পূৰ্বে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয় ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ টেঙাখাতত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় । টেঙাখাতৰ লাঙি গদাপাণি ক্ষেত্ৰৰ পৰা টেঙাখাত গান্ধী ভৱনলৈকে উলিওৱা এই ত্ৰিৰংগা যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে শ শ দলীয় কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে ৷সৰ্বানন্দ সোণোৱাল কয়, ‘‘সমগ্ৰ ভাৰতবৰ্ষতেই ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে ১৫০ বছৰ পূৰ্বে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা ৰাষ্ট্ৰীয় গীতক আমি শ্ৰদ্ধা নিবেদন কৰিছো । বন্দে মাতৰম স্বাধীনতা আন্দোলনৰ কণ্ঠস্বৰ আছিল । এই গীতৰ পৰা অনুপ্ৰাণিত হৈ লক্ষ লক্ষ লোকে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল ।’’ স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকলক সুঁৱৰি আজিৰ প্ৰজন্মই ভাৰতক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে আগবঢ়াই নিব বুলিও আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷লগতে পঢ়ক : বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?

Category

🗞
News
Transcript
00:02...
00:04...
00:04...
00:04...
00:05...
00:11...
00:14Thank you very much.
00:43Thank you very much.
01:42Thank you very much.
02:11Thank you very much.
Comments

Recommended