নগাঁও: কলিয়াবৰ আৰক্ষীয়ে মঙলবাৰে নিশা দুখন গো-ধন ভৰ্তি বাহন জব্দ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰী আটক কৰে ৷ উজনিৰ পৰা মেঘালয়লৈ সৰবৰাহৰ বাবে অনা হৈছিল গৰুকেইটা ৷ কুঁৱৰীটোলৰ ৰাজপথত কলিয়াবৰ আৰক্ষীয়ে বাহন দুখন জব্দ কৰি গো-ধনকেইটা উদ্ধাৰ কৰে । জব্দ কৰা বাহন দুখনৰ পঞ্জীয়ন নম্বৰ এএছ ২৩ ডিচি-৫১৪৮ আৰু এএছ ০২ ডিচি-৮০৪৫ ৷আৰক্ষীয়ে বাহন দুখনৰ পৰা ৩৩ টা চোৰাং গৰু জব্দ কৰে ৷ ইফালে গো সৰবৰাহৰ লগত জড়িত থকা অভিযোগত আটকাধীনকেইটা ক্ৰমে শিৱসাগৰৰ ৱাহিদ খান, ৰফিকুল ইছলাম, নগাঁৱৰ ৰূপহীহাটৰ হাফিজুল ইছলাম আৰ নৱাব চিৰাজউদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ২০ মে’ নিশা কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই এএছ ০২ চিচি ৭০১৯ নম্বৰৰ ট্ৰাকৰ পৰা ২৬টা চোৰাং গৰু জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰে ৷লগতে পঢ়ক :ওপৰত তামোলৰ বাকলিৰ বস্তা, তলত ২৬ টা গৰু: ঈদৰ আচিলাৰে গৰুৰ চোৰাং বেহা
Comments