জোনাই : ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ে লাভ কৰিলে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা । জিলাখনৰ প্ৰথম আৰু একমাত্র স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে মৰিঢল মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাত আনন্দৰ জোৱাৰ উঠিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মৰিঢল মহাবিদ্যালয়ক সোমবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে মহাবিদ্যালয় চৌহদত ৰঙালীৰ আনন্দৰ মাজতে ফটকা ফুটাই নাচি-বাগি আনন্দ কৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজে । মহাবিদ্যালয়খনত দেখা গ'ল আবতৰীয়া দীপাৱলী ।উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদাপ্ৰাপ্ত মহাবিদ্যালয়সমূহে নিজাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰা,পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণা কৰাৰ স্বাধীনতা লাভ কৰে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীপেন শইকীয়াই কয়, "আমি বহুদিনৰ পৰা আশা কৰি আছিলো মহাবিদ্য়ালয়খনক এখন স্বায়ত্তশাসিত মহাবিদ্য়ালয়লৈ পৰ্যবসিত কৰিম । আজি আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অনুমোদন লাভ কৰিছো ।"লগতে পঢ়ক:ধেমাজিত-জোনাইত মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰব'টিক ছাৰ্জাৰীৰ ক্ষেত্ৰত অসমৰ গৌৰৱোজ্জ্বল অধ্যায়: গুৱাহাটীত ARIS 2026 অধিৱেশন
Comments