Skip to playerSkip to main content
  • 1 day ago
গুৱাহাটী: গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতকুছিত বৃহস্পতিবাৰে পুৱাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । দুখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে দুজন লোকৰ মৃত্যু হয় । ঘটনা সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে খানাপাৰা অভিমুখে গৈ থকা AS-০১-PC-৯৯৫৫ নম্বৰৰ এখন ১৬ চকীয়া ট্ৰাকক পিছফালৰ পৰা WB-৫৭-E-৫৫০৭ নম্বৰৰ আন এখন ১৬ চকীয়া ট্ৰাকে খুন্দা মাৰে । দুৰ্ঘটনাত দুয়োখন ট্ৰাকৰে বিস্তৰ ক্ষতি হয় । সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে পশ্চিমবংগৰ পঞ্জীয়নভুক্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ ঘটনাস্থলীতে মৃত্যু হয় । ট্ৰাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হয় । দুৰ্ঘটনাটোৰ পাছতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । ঘাইপথৰ দুয়োফালে বহু যান-বাহন আবদ্ধ হৈ পৰে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে গড়চুক থানাৰ যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ চলায় । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে মৃত দুয়োগৰাকী লোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।লগতে পঢ়ক :বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮লৈ বৃদ্ধি, এতিয়াও ক্ষতিগ্ৰস্ত ৭ খন জিলা

Category

🗞
News
Transcript
00:00Hey, sound.
00:02Hey, sound.
00:05Marc.
00:09Hey.
00:16Hey.
Comments

Recommended