Skip to playerSkip to main content
  • 31 minutes ago
হাফলং: নেৰানেপেৰা বৰষুণৰ ফলত নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ ওচৰত ভূমিস্খলন । জানিব পৰা মতে, নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ ওচৰতে ৰে'লপথৰ তলৰ মাটি খহি যোৱাৰ ঘটনাত লামডিং–বদৰপুৰ পাহাৰ লাইনত ৰে'ল চলাচল ব্যাহত হৈছে ।ৰে'লৱে সূত্ৰই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে নিশা নিউ হাৰাংগাজাও ষ্টেচনৰ ১১৮/১–৩ অংশত প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যজুৰি ১নং আৰু ২নং লাইনৰ তলৰ মাটি খহি পৰাৰ ফলত দুয়োটা লাইন বেঁকা হৈ পৰে আৰু ৰে'ল চলাচলৰ বাবে অনুপযুক্ত হৈ উঠে ।সুৰক্ষাৰ স্বাৰ্থত ১নং আৰু ২নং লাইনত সম্পূৰ্ণৰূপে ৰে'ল চলাচল স্থগিত ৰখা হৈছে । বৰ্তমান ৩নং লাইনৰ জৰিয়তে ঘণ্টাত মাত্ৰ ১০ কিলোমিটাৰ গতিবেগত ৰে'ল চলোৱা হৈছে । ফলস্বৰূপে যাত্ৰীবাহী আৰু মালবাহী একাধিক ৰে'লৰ চলাচলত পলম হৈছে ।ইয়াৰ মাজতে ক্ষতিগ্ৰস্ত অংশ শীঘ্ৰে মেৰামতি কৰি ১নং আৰু ২নং লাইন পুনৰ স্বাভাৱিকভাৱে চলাচলৰ উপযোগী কৰি তুলিবলৈ ৰে'ল বিভাগে যুদ্ধকালীন তৎপৰতাৰে পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰিছে । পৰিস্থিতিৰ ওপৰত জ্যেষ্ঠ ৰে'ল বিষয়াসকলে তীক্ষ্ণ নজৰ ৰাখিছে আৰু অতি সোনকালে নিয়মীয়া ৰে'ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।  লগতে পঢ়ক :বান পৰিস্থিতি সন্দৰ্ভত মুখ্য়মন্ত্ৰীৰ সংবাদমেল: জনতা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ - চৰাইদেউ

Category

🗞
News
Transcript
00:00.
Comments

Recommended