মঙলবাৰে কেৰালাৰ ৱায়ানাদৰ মেপ্পাডীৰ কাল্লাডিত মুষলধাৰ বৰষুণ হয় ৷ যাৰ ফলত ৱায়ানাদত এক ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ এই ভূমিস্খলনত কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলী উদ্ধাৰকাৰী দলৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷ জানিব পৰা মতে, মালাপ্পুৰম আৰু ৱায়ানাড জিলাক সংযোগ কৰা সুৰংগ পথ প্ৰকল্পত কাম চলি আছিল । ইয়াৰে কাল্লাডিৰ মীনাক্ষী দলঙৰ সমীপতে এই ভূমিস্খলন সংঘটিত হয় ।
Comments