Skip to playerSkip to main content
  • 3 hours ago
কোকৰাঝাৰ: চোৰাং কাঠ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আবুল শ্বেখক । যাক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ । আবুল শ্বেখ বিপিএফ দলৰ এগৰাকী প্ৰভাৱশালী নেতাৰ লগতে জালাবিলা ভিচিডিচিৰ অধ্যক্ষ আছিল ৷ কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী আয়ুক্ত প্ৰকাশ মেধিয়ে জানিবলৈ দিয়া মতে কিছুদিন পূৰ্বে আবুল শ্বেখ মহামায়া সংৰক্ষিত বনাঞ্চলৰ চোৰাং কাঠ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ লাভ কৰিছিল ৷  সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ পাছত তথ্য প্ৰমাণ লাভ কৰে ৷ উক্ত তথ্য-প্ৰমাণৰ ভিত্তিত বগৰীবাৰী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ ৩৩/২৬ নম্বৰত US 303/(2)/324(5)/317(4)BNS R/w sec24/25/40 AFR গোচৰ পঞ্জীয়ন কৰে ৷ সেই মৰ্মে বৃহস্পতিবাৰে নিশা বগৰীবাৰী থানাৰ অন্তৰ্গত খোৰাঘাটৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ থানালৈ লৈ আনে শ্বেখক ৷ শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত আবুল শ্বেখক ৷  উল্লেখ্য যে ২৫ মে’ৰ দিনা মহামায়া সংৰক্ষিত বনাঞ্চলত ধুমুহা বৰষুণৰ ফলত ভাঙি পৰা শালগছ চোৰাংভাৱে ঘোঁৰাগাড়ীৰে সৰবৰাহ কৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে পোহৰলৈ আহে শ্বেখৰ এই কু-কীৰ্তি ।লগতে পঢ়ক: শিলিখা ঘাটৰ নদীত জাঁপ দিলে একেটা পৰিয়ালৰ তিনিজনে, এজনৰ মৃতদেহ উদ্ধাৰবিকশিত ভাৰত ২০৪৭ : পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ ‘সেৱা ছে সমৃদ্ধি’ শীৰ্ষক কৰ্মশালা সম্পন্ন

Category

🗞
News
Transcript
00:00Oh
00:30What are you doing what are you doing?
00:33What are you doing?
00:38What are you doing?
Comments

Recommended