Skip to playerSkip to main contentSkip to footer
  • 1/8/2025
Intro:ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধনদমে দমে পৰিছে শিল ৷ Body: কৃষকৰ ৷ বছৰটোৰ আৰম্ভণিতে ৰুষ্ট প্ৰকৃতিয়ে চলালে তাণ্ডৱ । ইংৰাজী 2025ৰ নৱবৰ্ষৰ পহিলা সপ্তাহতে ৰুষ্ট প্ৰকৃতিয়ে চলালে তাণ্ডৱ। বিজুলী ঢেৰেকনি প্ৰৱল বৰষুণৰ লগত অহা শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে ঘৰ বাৰী খেতি পথাৰ । জানিব পৰা মতে ধেমাজি জিলাৰ চিৰিপানীৰ পাহাৰৰ সীমান্তৱতী নিলখ অঞ্চলত যোৱাকালি আবেলিৰে পৰা নিশালৈকে । বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি সংহাৰ কৰে ৷বহুতৰে ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বৃহৎ আকাৰৰ ধাৰাষাৰ শিল পৰি টিন ফুটা কৰে , পথাৰ ৰবি শস্যৰ কৃষি ভূমি শিলে বিস্তৰ ক্ষতিসাধন কৰে । ফলত ঘৰ দুৱাৰ ক্ষতি হোৱাৰ সমান্তৰালভাৱে পথাৰৰ ৰবিশস্য নষ্ট হোৱাত কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ মাজত হাহাঁকাৰ লাগিছে ৷সেয়ে চৰকাৰক সুদৃষ্টি দিবলৈ কাতৰে আহ্বান জনাইছে । অঞ্চলটোৰ কৃষক নেতা ভৱেন হালৈয়ে চৰকাৰলৈ কাতৰে আহ্বান জনায় কয় “ যোৱাকালি অহা সন্ধিয়া পৰা নিশাভাগলৈকে হোৱা বতাহ বৰষুণৰ ফলত বৃহত্তৰ নিলখ পঞ্চায়তত বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে কৃষকসকলৰ ৷ ঘৰৰ টিন পাত ধুমুহা আৰু শিল পৰি নষ্ট কৰাৰ লগতে প্ৰায় পঞ্চাশ বিঘাৰো অধিক ভোট জলকীয়া খেতি ,এশ বিঘাৰো অধিক আলু খেতি আৰু টিনপাত নষ্ট হোৱা ৰাইজক আৰু ৰবি শস্য নষ্ট হোৱা কৃষক পৰিয়ালক ধেমাজি জিলা প্ৰশাসনে ন্যুনতম ক্ষতিপূৰণ দিব লাগে ৷“byte : ভৱেন হালৈ , কৃষক নেতা ৷Pradunya Bharali ,Dhemaji ,Assam , 8/1/2025 ,Conclusion:

Category

🗞
News

Recommended