Skip to playerSkip to main content
  • 24 minutes ago
বঙাইগাঁও : বঙাইগাঁও জিলাৰ অভয়াপুৰীত আত্মীয়ৰ দহা কামৰ সহায় কৰিবলৈ গৈ বুধবাৰে পুৱা নৈত উটি গৈ অকাল মৃত্যুক আকোঁৱালি লয় এজন লোকে ৷ নিহত লোকজন বিজু চৌহান বুলি জানিব পৰা গৈছে ৷ দহাৰ কাম সম্পূৰ্ণ কৰি বিজুৱে নৈত হাত-ভৰি ধুবলৈ যোৱাৰ সময়তে নৈৰ সোঁতত উটি যায়  ৷অভয়াপুৰীৰ শিৱপুৰৰ দৰ্জি বিলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ স্থানীয় লোকে খবৰ দিয়াৰ পাছতেই ঘটনাস্থলীত অভয়াপুৰী আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনীৰ লোক উপস্থিত হয় আৰু বিজু চৌহানক বিচাৰি দৰ্জি নৈত অভিযান চলায় ৷ দিনজোৰা প্ৰচেষ্টাৰ পাছত বিয়লি এছডিআৰএফ বাহিনীয়ে বিজু চৌহানক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷লগতে পঢ়ক : সমনীয়াৰ সৈতে মৰিগাঁৱৰ পকৰীয়া নদীত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি

Category

🗞
News
Transcript
00:00I
Comments

Recommended