মাজুলী: দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ সংঘটিত হয় এক দুৰ্ঘটনা । মাজুলীৰ অফলামুখ ঘাটৰ ফেৰীত সংঘটিত হয় এই অঘটন । অফলামুখ ঘাটৰ পৰা ৯:৩০ বজাত যোৱা ইন্দ্ৰ নামৰ ফেৰীৰ দলঙৰ খুঁটাত খুন্দা মাৰে । লগে লগে যাত্ৰীৰ মাজত হাঁহাকাৰ লাগে । ফেৰীৰ ওপৰতে বাগৰি পৰে দুচকীয়া বাহন । ব্ৰহ্মপুত্ৰত তীব্ৰ সোঁতৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । এই খুন্দাত ইন্দ্ৰ নামৰ ফেৰীখনৰ পিছফালে সামান্য ক্ষতি হয় যদিও যাত্ৰীৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই । জাহাজখনত আছিল ৪০ জন যাত্ৰী, ১৮ খন বাইক । এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এজন লোকে কয়, "ইন্দ্ৰ নামৰ জাহাজখন ৯:৩০ বজাত এৰিছিলো । ৪০ জন যাত্ৰী আৰু ১৮ খন বাইক গৈছিল । দলঙৰ ওচৰত পানীৰ সোঁত ইমানেই বেছি আছিল যে তানি লৈ গ'ল গোটেই জাহাজখন । তেতিয়া পিছফালটোৱে দলঙৰ খুঁটাত খুন্দা মাৰে । একো ক্ষতি হোৱা নাই ।"লগতে পঢ়ক: মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী আহৰণ বিষ্ণুপ্ৰিয়াৰ - SPECIALLY ABLED GIRL COMPLETED BAইউপিপিএলে আসন পাবনে নাই মোৰ সন্দেহ আছে : হাগ্ৰামা মহিলাৰী - BTC ELECTION 2025
Comments