Skip to playerSkip to main content
  • 3 minutes ago
বৰপেটা : 'নিচামুক্ত ভাৰত সংকল্প' অভিযানৰ অংশ হিচাপে শনিবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৰপেটাত এক পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰাজ্যপালগৰাকীয়ে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এখন মুকলি সভাতো অংশগ্ৰহণ কৰে । সভাত জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাও উপস্থিত থাকে । সভাত উপস্থিত ৰাইজে নিচামুক্ত ভাৰত গঢ়াৰ শপত লয় । অনুষ্ঠানত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয়, "দেশৰ বিকাশত যিবোৰ অপশক্তি বাধা হৈ আহিছে সেইবোৰক দেশৰ জনগণে দুৰ্বল‌ কৰিব লাগিব ।‌ এনে অপশক্তিৰ ভিতৰত অন্যতম হ'ল নিচাযুক্ত সামগ্ৰী ।‌ ইয়াৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা অনুষ্ঠিত কৰা হৈছে ।‌"তেওঁ লগতে কয় যে এজন লোক নিজে নিচামুক্ত হ'লেই নহ'ব তেওঁ আন ১০ জনকো নিচামুক্ত কৰাৰ বাবে কাম কৰিব লাগিব ।‌ তাৰ ফলত এখন বিকশিত ভাৰত নিৰ্মাণ সহজ হ'ব বুলিও তেওঁ উল্লেখ কৰে । সভাৰ অন্তত ৰাজ্যপালগৰাকীয়ে বৰপেটা জিলা পুথিভঁৰালৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ স্থানলৈ পদযাত্ৰাত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাস, বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস, প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । সভাত ৰাজ্যপালগৰাকীয়ে কেবাগৰাকীও আৰক্ষী বিষয়াৰ লগতে দুগৰাকী আশা আৰু অংগনবাড়ী কৰ্মীক তেওঁলোকৰ কৰ্তব্যনিষ্ঠা আৰু সেৱাৰ বাবে সম্বৰ্ধনা জনায় ।লগতে পঢ়ক :ধুবুৰীত বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস পালন: পৰিৱেশ সুৰক্ষিত মানে মানৱ জাতি সুৰক্ষিত

Category

🗞
News
Transcript
00:00What is that?
00:03People coming here I don't know
00:07So...
00:10Can I come here?
00:11I'm gonna do...
00:14First, and that's when people come to the vehicle
00:19Every week expect
00:25Thank you very much.
00:56Thank you very much.
01:25Thank you very much.
01:58Thank you very much.
02:39Thank you very much.
Comments

Recommended