Skip to playerSkip to main content
  • 5 hours ago
মাজুলী: বিহুৰ আনন্দ-উল্লাসৰ মাজতে  যোৱা ১৬ এপ্ৰিলত মাজুলীত সংঘটিত হয় এক শোকাৱহ ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰ পৰা পৰিছিল এজন যুৱক । পিছত জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ বুকুত নিখোঁজ হোৱা যুৱকজন আছিল মাজুলীৰ । ৫ দিন ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা মাধৱ শৰ্মাৰ মৃতদেহ অৱশেষত মঙলবাৰে উদ্ধাৰ হয় । ভকত চাপৰি আৰু মছুৱা চাপৰিৰ মাজৰ এটা সুঁতিত স্থানীয় গোপালকে মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰে । আৰক্ষী আৰু SDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । পৰিয়ালৰ লোকে মৃতদেহটো মাধৱ শৰ্মাৰ বুলি চিনাক্ত কৰিছে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । মৃত যুৱকজনৰ ভনীয়েকে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি পাঁচটা দিনে আমি দাদা ক'ত আছে, কিদৰে আছে সেই বিষয়ে জানিব পৰা নাছিলোঁ । আজি পাঁচটা দিনৰ মূৰত অন্ততঃ নিশ্চিত খবৰটো লাভ কৰিছোঁ । এই পাঁচটা দিনত আৰক্ষী প্ৰশাসন, মাজুলী জিলা প্ৰশাসন আৰু SDRF এ যিদৰে সহায় কৰিলে তাৰ বাবে সেইসকলক ধন্যবাদ জনাইছোঁ ।’’লগতে পঢ়ক:১৯৯৫ চনত বিলমুখত প্ৰাণ আহুতি দিয়া মিচিং আন্দোলনৰ শ্বহীদক স্মৰণ

Category

🗞
News
Transcript
00:39Thank you very much.
01:00Thank you very much.
01:54Thank you very much.
02:20Thank you very much.
02:53Thank you very much.
03:00Thank you very much.
Comments

Recommended