Skip to playerSkip to main content
  • 15 minutes ago
দক্ষিণ শালমাৰা মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী অসম-মেঘালয় সীমান্তৱৰ্তী পাণবাৰীত এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । এগৰাকী ১৭ বছৰীয়া বনকৰা নাবালিকাক প্ৰায় এবছৰ ধৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।  এই অভিযোগ উত্থাপন কৰি নাবালিকাগৰাকীয়ে কয়,"মই আবু বক্কৰ ভূইয়াৰ ঘৰত কাম কৰোঁ । তেওঁ শিক্ষক হয় । দিন হ'লে ভাল, কিন্তু নিশা হ'লেই মোৰ লগত বেয়া কাম কৰে । তেওঁৰ পত্নী মানসিকভাৱে অসুস্থ । তেওঁৰ পত্নীৰ লগত নাথাকি মোৰ লগত থাকে । মোৰ ঘৰ মানকাচৰ । মোৰ মাৰ মৃত্যু হৈছে, মোৰ দেউতা অচল । মই শিক্ষকজনৰ ঘৰত কাম কৰি খাওঁ । মোৰ লগত শিক্ষকজনে জবৰদস্তি বেয়া কাম কৰে । মোক ইয়াৰ বিচাৰ লাগে ।"ইফালে, উক্ত খবৰ লাভ কৰি মেঘালয় আৰক্ষীৰ সহযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলা শিশু সুৰক্ষা গোটে মঙলবাৰে বিয়লি শিক্ষকজনৰ ঘৰত অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ কৰে । অভিযানৰ সময়ত শিক্ষক জন ঘৰত নাছিল যদিও তেওঁৰ পত্নী ঘৰত থকাৰ সময়তে নাবালিকাগৰাকীক উদ্ধাৰ কৰে গোটটোৱে ।  লগতে পঢ়ক: নাৰীদেহ ব্যৱসায়ৰ সৈতে জড়িত তিনি অভিযুক্তক জে'ললৈনলবাৰীত আছু নেতা মাধুৰ্য বৰ্মনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ অংশগ্ৰহণ

Category

🗞
News
Comments

Recommended