Skip to playerSkip to main content
  • 2 days ago
লখিমপুৰ : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিলে এলায়েন্স এয়াৰৰ এখন বিমান । এইবাৰৰ স্থান কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । উৰণৰ ঠিক পূৰ্বে বিমানখনৰ এটা চকা ফুটি যায় । যাৰ বাবে তাৎক্ষণিকভাৱে বিমানখন ৰখাই দিয়া হয় । শনিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে বিমানখন কলকাতাৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰলৈ উৰা মৰাৰ কথা আছিল । বিমানখনত ১৫ গৰাকী যাত্ৰী আছিল । বিমানখন ৰাণৱেৰ পৰা উৰণৰ বাবে সাজু হৈছিল । সেই সময়তে বিমানখনৰ চকা ফুটি যায় । লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।বিমানবন্দৰ কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে যাত্ৰীসকলক উদ্ধাৰ কৰে । সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই । কিন্তু এই ঘটনাৰ পিছত বিমান যাত্ৰীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে । ইফালে লখিমপুৰ অভিমুখী বিমানখনত থকা অসমৰ এজন যাত্ৰী প্ৰশান্ত শইকীয়াই কয়, "কিমান সুৰক্ষিত ? কলকাতাৰ পৰা লখিমপুৰ অভিমুখে যাত্ৰা কৰা এলায়েন্স এয়াৰৰ বিমানত যান্ত্ৰিক বিজুতি হোৱাত ৰাণৱেত ১০০ কিঃমিঃ বেগত গতি কৰিবলৈ লওতেই চকাত জুই লাগে । লগে লগে তেওঁলোকে বিমানখন ৰখাই দিয়ে । সৌভাগ্যক্ৰমে আমি লখিমপুৰলৈ যাত্ৰা কৰা ১৫ গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে ।" পৰৱৰ্তী সময়ত যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হয় ।লগতে পঢ়ক :জাতিংগাত ভয়ংকৰ ভূমিস্খলন : শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ বাহন

Category

🗞
News
Transcript
00:04foreign
00:07foreign
00:07foreign
00:07foreign
00:08foreign
00:11foreign
00:38We are getting a lot of food.
00:39I have no longer talk. Right? I have no longer talk.
Comments

Recommended