নগাঁও : ভোটগ্ৰহণ পৰ্ব সমাপ্ত হোৱাৰ পিছত ইভিএমকে ধৰি গুৰুত্বপূৰ্ণ সামগ্ৰী লৈ বৃহস্পতিবাৰে নিশাই ষ্ট্ৰং ৰূমবোৰত উপস্থিত হৈছে প'লিং বিষয়া, প্ৰিজাইডিং বিষয়া আৰু আৰক্ষী জোৱানসকল । অৱশ্যে নগাঁও জিলাত ইভিএম লৈ ষ্ট্ৰং ৰূমত উপস্থিত হোৱাৰ পিছতে এক ব্যতিক্ৰমী অভিজ্ঞতাৰ সাক্ষী হ'ল বিষয়া আৰু আৰক্ষীসকল । কাৰণ তেওঁলোকক জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত প্ৰশাসনে উষ্ম আদৰণি জনালে । ওচৰত বিহুৱা দলৰ বিহু নৃত্য আৰু লগে লগে ফুল আৰু গামোচাৰে ভোটকেন্দ্ৰত দায়িত্ব পালন কৰি উভতি অহা সকলো প'লিং বিষয়া, প্ৰিজাইডিং বিষয়া আৰু আৰক্ষীল লোকসকলক আদৰণি জনালে প্ৰশাসনে । এই দৃশ্য দেখি অভিভূত হৈ পৰিল বিষয়াসকল । নগাঁৱৰ ৩ টাকৈ ষ্ট্ৰং ৰূম ক্ৰমে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেই উৎসৱমুখৰ পৰিৱেশে বিৰজা কৰিলে ।লগতে পঢ়ক :নিৰ্বাচন কেন্দ্ৰত ডাঙৰ পৰ্দাত চলি থাকিল আইপিএলৰ খেল !
Comments