হাফলং: শিলচৰ-লামডিং ৰে'ল পথত ৰে'লৰ খুন্দাত ২০ টাৰো অধিক ম'হৰ মৃত্যু । সোমবাৰে শিয়ালদাহৰ পৰা চাবৰুমৰ উদ্দেশ্যে যোৱা ১৭৩৭৩ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ খুন্দাত এই ঘটনাটো সংঘটিত হয় । উত্তৰ পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই জনোৱা মতে, সোমবাৰে দিনৰ ১১:৫৫ বজাত নিউ হাৰেঙ্গাজাও আৰু ডিটেকচৰা ষ্টেচনৰ মাজৰ ১১৯ /৮-৯ কিলোমিটাৰত ১৬ নম্বৰ ৰে'লৱে টানেলৰ ভিতৰত এই দুৰ্ঘটনাটো সংঘটিত হয় । ইয়াৰ পিচতে ৰে'লৱেৰ ইঞ্জিনীয়াৰিং বিভাগৰ কৰ্মীসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছখনক নিউ হাৰেংগাজাও ষ্টেচনলৈ ওভতাই আনে । ইপিনে, বিয়লি চাৰি বজাত ৰে'ল লাইনৰ মেৰামতি কৰি প্ৰায় ৫ ঘণ্টা পিচত শিলচৰ- লামডিং ৰে'লপথটো যাতায়াতৰ বাবে পুনৰ সুচল কৰে । লগতে পঢ়ক:গৌৰীপুৰত ভয়ানক পথদুৰ্ঘটনা: নিৰ্বাচনী কামত জড়িত বাহন দুৰ্ঘটনাত নিহত ১, আহত ২
Comments